27/11/2022 12:33:35 PM Moutushi 1506
স্টাফ রিপোর্টাৰ এ.এন.এম নিউজঃ
বলিউডৰ জনপ্ৰিয় সংগীত শিল্পী অৰিজিত সিঙক কোনে চিনি নাপায়? অৰিজিত সিঙৰ লাইভ অনুষ্ঠান চাবলৈ যুৱ-প্ৰজন্মৰ উন্মাদ হৈ থাকে। য'তেই নহওক, যেনেকৈয়ে নহওক অৰিজিত সিঙৰ অনুষ্ঠান চাবলৈ যি কোনো বাধা অতিক্ৰম কৰিবলৈও প্ৰস্তুত থাকে।
তেওঁৰ অনুষ্ঠান চাবলৈ হাজাৰ টকা খৰছ কৰিবলৈও কুণ্ঠাবোধ নকৰে। কিন্তু শেহতীয়াকৈ অৰিজিত সিঙৰ লাইভ অনুষ্ঠানৰ টিকটৰ মূল্যই এতিয়া বিপদত পেলাই ছে অনুৰাগীক।
কাৰণ এই বিশেষ অনুষ্ঠানটোৰ টিকটৰ মূল্য দেখি মূৰে-কপালে হাত দিছে তেওঁৰ অনুৰাগীসকলে। টিকটৰ মূল্য পৰিশোধ কৰিবলৈ অনুৰাগীৰ বাবে সম্ভৱটো নহয়েই, সিমান মূল্যৰ টিটক হ'ব বুলিও কল্পনা কৰিব নোৱাৰা এক পৰিস্থিতি।