27/11/2022 12:47:12 PM Moutushi 13246
স্টাফ রিপোর্টাৰ এ.এন.এম নিউজঃ
প্ৰতিশ্ৰুতিৰ জোৱাৰ ! গুজৰাট নিৰ্বাচন (Gujrat Election) ৰ পূৰ্বে প্ৰচাৰ অভিযান তীব্ৰ হৈ পৰাৰ মাজতে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নড্ডাই উন্মোচন কৰিলে বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰ।
শনিবাৰে জে পি নড্ডাই মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেল, ৰাজ্যিক সভাপতি চি আৰ পাটিলৰ উপস্থিতিত এই ইস্তাহাৰ মুকলি কৰিছে। এই ইস্তাহাৰখনত উল্লেখ থকা প্ৰতিশ্ৰুতি অনুসৰি বিজেপিয়ে মূলতঃ যুৱ প্ৰজন্মৰ ভোটাৰ আৰু মহিলা ভোটাৰক আকৰ্ষণৰ চেষ্টা কৰা পৰিলক্ষিত হৈছে।
ইস্তাহাৰত বিজেপিয়ে ৫ বছৰত গুজৰাটৰ ২০ লাখ নিবনুৱাক নিযুক্তি প্ৰদানৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। এই সময়ছোৱাত ১ লাখ মহিলাকো নিযুক্তিৰ কথা কৈছে। ছাত্ৰীক বৈদ্যুতিক স্কুটি প্ৰদানৰ প্ৰতিশ্ৰুতি দিছে। ইয়াৰোপৰি দুটা সাগৰীয় খাদ্য উদ্যান, জলসিঞ্চন নেটৱৰ্ক স্থাপনৰো প্ৰতিশ্ৰুতি প্ৰদান কৰিছে।