01/12/2022 12:56:55 PM Moutushi 12371
স্টাফ রিপোর্টাৰ এ.এন.এম নিউজঃ
চৰকাৰী চাকৰি মানেই যেন দায়িত্বহীনতা! যাৰ বাবে সাধাৰণ ৰাইজৰ চৰকাৰী কাৰ্যালয়লৈ যোৱাৰ প্ৰয়োজনীয়তা আহি পৰিলেই হুমুনিয়াহ কাঢ়িবলগীয়া হয়। এই অভিযোগ দীৰ্ঘদিনীয়া।
আনহাতে একাংশ চৰকাৰী চাকৰিয়ালে চৰকাৰী সময়সূচীৰ বিপৰীতে নিজৰ ইচ্ছানুসৰি কাৰ্যালয়লৈ অহা, অকৰ্তৃত্বশীল ভাৱে কাৰ্যালয়ত উপস্থিত নথকা আদি অতি চিনাকী দৃশ্য। কিন্তু এনে সুবিধাবাদী, পালমৰা চৰকাৰী চাকৰিয়ালৰ সুখৰ দিন অন্ত পৰাৰ দিশে।
কিয়নো চৰকাৰী চাকৰিয়ালে পালন কৰিব লাগিব কঠোৰ নিয়মাৱলী। ৰাজ্য চৰকাৰৰ চাকৰিয়াল বা কেন্দ্ৰীয় চৰকাৰৰ চাকৰিয়াল বুলি কোনো কথা নাই, সকলোৱে পালন কৰিব লাগিব এই কঠোৰ নিয়ম।
কেন্দ্ৰীয় চৰকাৰে প্ৰস্তুত কৰিছে নতুন শ্ৰম নীতি। এই নতুন নিয়ম অনুসৰিয়েই এতিয়াৰে পৰা চৰকাৰী চাকৰি আৰু ব্যক্তিগতখণ্ডৰ চাকৰিৰ মাজত নাথাকিব বিশেষ প্ৰাৰ্থক্য।