07/12/2022 14:44:51 PM Moutushi 1255
স্টাফ রিপোর্টাৰ এ.এন.এম নিউজঃ
মুম্বাইস্থিত অসমৰ জীয়ৰী সুনীতা ভূঞাই লাভ কৰিবলৈ সক্ষম হৈছে ২০২২ বৰ্ষৰ আন্তঃৰাষ্ট্ৰীয় SheInspires Award। ৰাষ্ট্ৰীয়, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ভায়োলিন বজাই ইতমধ্যে বিশেষ পৰিচয় লাভ কৰিছে সুনীতা ভূঞাই ।
এইছ আৰ প্ৰফেচনেল সুনীতা ভূঞাই জয় কৰিছে গ্লোবেল কালচাৰ চেম্পিয়ন এৱাৰ্ডো। তেওঁ সংগীতৰ জৰিয়তে বিশ্বত সুস্থতা, সৃজনশীলতা আৰু দক্ষতাৰে নেতৃত্ব প্ৰদান কৰাৰ বাবেই এই বঁটা লাভ কৰিছে।
SheInspires Award গ্ৰহণ কৰি সুনীতা ভূঞাই কয়, এই বঁটা জয় কৰি মই অতি আনন্দিত। এই বছৰ প্ৰতিযোগিতাখন যথেষ্ট শক্তিশালী আছিল। মই এই বঁটা লাভ কৰাৰ ববে অতি কৃতজ্ঞ আৰু সংগীতৰ জৰিয়তে অধিক জীৱনপ্ৰভাৱিত কৰিবলৈ চেষ্টা কৰিম। মই ভাৰতীয় লোক আৰু শাস্ত্ৰীয় দুয়োবিধ সংগীতৰ ধাৰা ব্যৱহাৰ কৰি মোৰ সাংগীতিক কাম কৰি যাম।