09/12/2022 15:47:37 PM Moutushi 28
স্টাফ রিপোর্টাৰ এ.এন.এম নিউজঃ
সাম্প্ৰতিক সময়ত হস্ততাঁত শিল্পৰ বিভিন্ন সমস্যা থকা স্বত্বেও অসমৰ অৰ্থনীতিত এক যুগান্তকাৰী ভূমিকা পালন কৰি আহিছে।
লাহোৱাল সমষ্টিৰ অৰ্ন্তগত ছাগলীকটা গাঁৱৰ মহিলা শিপিনী গোটে আগন্তুক নতুন বছৰ আৰু বৰদিন উপলক্ষে লণ্ডনৰ এক ব্যৱসায়িক প্ৰতিষ্ঠানৰ বাবে তাঁতশালত ফুলাম গামোচা প্ৰস্তুত কৰি উলিয়াইছে শিপিনী সকলে।
লণ্ডনত মুখ্য কাৰ্য্যালয় হিচাপে থকা এটা বিশ্বব্যাপী চাহ ব্ৰেণ্ডে ডিব্ৰুগড় জিলাৰ লাহোৱালৰ মহিলা শিপিনী গোটৰ দ্বাৰা বোৱা ফুলাম গামোচাৰ প্ৰতি আগ্ৰহী হৈ লণ্ডনত আগন্তুক বৰদিন নতুন বছৰ উদ্যাপনত উপহাৰ হিচাপে আগবঢ়াবলৈ হাতেৰে বোৱা অসমীয়া সমাজ সংস্কৃতি জীৱনৰ চানেকিস্বৰূপ ফুলাম গামোচা যোগান ধৰিবলৈ অনুৰোধ জনায়।