12/12/2022 15:52:20 PM Moutushi 8839
স্টাফ রিপোর্টাৰ এ.এন.এম নিউজঃ
সোমবাৰে গুজৰাটত শপত গ্ৰহণ কৰিব নতুন মন্ত্ৰীসভাই। দ্বিতীয়বাৰৰ বাবে গুজৰাটৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব বিজেপি নেতা ভূপেন্দ্ৰ পেটেলে। তেওঁৰ লগতে মন্ত্ৰী সভাৰ ২৫ জনে শপত গ্ৰহণ কৰিব।
যোৱা বৰ্ষৰ ছেপ্টেম্বৰত বিজয় ৰূপানীক পদৰ পৰা আঁতৰ কৰি পেটেলে মুখ্যমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰিছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ পছন্দৰ বাবে পেটেলক এই দায়িত্ব দিয়া হৈছিল বুলি ধাৰণা কৰা হৈছিল।
বিজেপিয়ে মুঠ ১৮২ খন আসনৰ ভিতৰত ১৫৬ খন আসন লাভ কৰিছিল। পেটেলে নিজেই আহমেদাবাদত ঘাটলোডিয়া আসনৰ পৰা ১.৯২ লাখ ভোটৰ ব্যৱধানত জয়ী হৈছিল। গুজৰাট নিৰ্বাচনৰ ফলাফল ঘোষণা হোৱাৰ পিছত প্ৰধানমন্ত্ৰী মোডীয়ে কৈছিল যে, "মই প্ৰচাৰ চলাই থাকোতে কৈছিলো যে এইবাৰ ভূপেন্দ্ৰই মোডীৰ অভিলেখ (২০০২ চনত ১২৭ খন আসন ) ভংগ কৰিব।"