12/12/2022 15:53:04 PM Moutushi 8854
স্টাফ রিপোর্টাৰ এ.এন.এম নিউজঃ
সুখবিন্দৰ সিং সুখুৱে ১১ ডিচেম্বৰত হিমাচল প্ৰদেশৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। এই অনুষ্ঠানত উপস্থিত থাকে কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধী, ৰাহুল গান্ধী, প্ৰিয়ংকা গান্ধী,মালিকাৰ্জুন খাৰ্গেৰ লগতে বহু কংগ্ৰেছ নেতা।
লগতে উপমুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে মুকেশ অগ্নিহোত্ৰীয়ে। শেহতীয়াকৈ অনুষ্ঠিত বিধানসভা নিৰ্বাচনত কংগ্ৰেছ দলে বিজেপিক ক্ষমতাৰ পৰা আঁতৰাই নিজে আধিপত্য স্থাপন কৰে।
ৰাজ্যপাল ৰাজেন্দ্ৰ বিশ্বনাথ আৰলেকাৰে চিমলাৰ ৰিজত অনুষ্ঠিত শপত গ্ৰহণ অনুষ্ঠানত দুয়োকে শপত বাক্য পাঠ কৰায়।
হিমাচলৰ মুখ্যমন্ত্ৰী পদৰ বাবে কেইবাজনো প্ৰাৰ্থীৰ নাম চৰ্চালৈ আহিছিল। তাৰ পাছতে দলৰ 'হাইকমাণ্ডে' শনিবাৰে মুখ্যমন্ত্ৰী পদৰ বাবে সুখবিন্দৰ সিং সুখুৰ নাম ঘোষণা কৰিছিল।তেওঁ ৰাজ্য খনৰ প্ৰাক্তন কংগ্ৰেছৰ সভাপতি আৰু নাদাউনৰ বিধায়ক।