তিনি বছৰে বন্ধ হৈ আছে বাংলাদেশলৈ অহা-যোৱা কৰা মানকাচৰৰ আন্তঃৰাষ্ট্ৰীয় গেট


12/12/2022 16:59:40 PM   Moutushi         8844







স্টাফ রিপোর্টাৰ এ.এন.এম নিউজঃ
কোভিডৰ সময়ত দেশৰ আন আন প্ৰান্তৰ লগতে মানকাচৰৰ সাহাপাৰাৰ আন্তৰাষ্ট্ৰীয় গেটখন বন্ধ কৰা হৈছিল।

সাহাপাৰা গেটেৰে ব্যৱসায় বাণিজ্যৰ বাবে বিভিন্ন সামগ্ৰী আমদানী-ৰপ্তানিৰ কাৰবাৰ আৰম্ভ হৈছে যদিও পাৰপত্ৰ লৈ বাংলাদেশলৈ অহা-যোৱা কৰা লোকৰ ক্ষেত্ৰত এতিয়াও বন্ধ হৈ আছে গেটখন।

দীৰ্ঘ দিনে গেটখন বন্ধ হৈ থকাৰ ফলত নামনি অসমৰ লগতে চুবুৰীয়া মেঘালয়ৰ গাৰো পাহাৰ জিলাৰ লোক সকলে এই গেটেৰে বাংলাদেশলৈ অহা-যোৱা কৰিব পৰা নাই।

ফলত লোক ত্ৰিপুৰা, পশ্চিমবঙ্গ হৈ অহা-যোৱা কৰিবলগীয়া হৈছে। এই অঞ্চলৰ বহু ছাত্ৰ-ছাত্ৰী বাংলাদেশ মেডিকেল কলেজত অধ্যয়ন কৰে।

গেটখন বন্ধ হৈ থকাৰ ফলত উক্ত ছাত্ৰ-ছাত্ৰী সকলেও অহা-যোৱা কৰাৰ ক্ষেত্ৰত ভীষণ অসুবিধাৰ সম্মুখীন হৈছে। মানকাচৰ




অধিক বাতৰি:
For more details visit anmnewsassam.com
Follow us at https://www.facebook.com/newsanm  




TAGS :