13/12/2022 17:10:18 PM Moutushi 8648
স্টাফ রিপোর্টাৰ এ.এন.এম নিউজঃ
সংসদৰ শীতকালীন অধিৱেশনৰ মাজতে এক প্ৰশ্নৰ উত্তৰত প্ৰকাশ পোৱা অনুসৰি ভাৰতৰ তিনিওটা সশস্ত্ৰ বাহিনীত প্ৰায় ডেৰ লাখ পদ খালী হৈ আছে। লোকসভাত এক লিখিত প্ৰশ্নৰ উত্তৰত এই তথ্য দিছে ৰাজ্যিক প্ৰতিৰক্ষা মন্ত্ৰী অজয় ভাটে।
ভাৰতীয় স্থল সেনা, বায়ু সেনা আৰু নৌসেনাত খালী হৈ আছে এই পদসমূহ। ইয়াৰ ভিতৰত সৰ্বাধিক খালী হৈ আছে স্থলসেনাত।
তথ্য অনুসৰি স্থলসেনাত ১ লাখ ১৮ হাজাৰ ৪৮৫ টা পদ খালী আছে। এই তথ্য ২০২২ ৰ ১ জুলাইলৈকে।
আনহাতে ২২ ছেপ্তেম্বৰলৈ নৌসেনাত খালী হৈ আছে ১১ হাজাৰ ৫৮৭ টা পদ আৰু বায়ু সেনাত ৫ হাজাৰ ৮১৯ টা পদ। উল্লেখ্য যে কংগ্ৰেছ সাংসদ দীপক বাজীৰ এক লিখিত প্ৰশ্নৰ উত্তৰত এই তথ্য প্ৰদান কৰিছে ৰাজ্যিক প্ৰতিৰক্ষা মন্ত্ৰী অজয় ভাটে।