14/12/2022 13:37:45 PM Moutushi 8480
স্টাফ রিপোর্টাৰ এ.এন.এম নিউজঃ
অৰুণাচলৰ ভাৰত-চীন সীমান্তত বৃদ্ধি পাইছে উত্তেজনা। যোৱা ৯ ডিচেম্বৰত সীমান্তত চীনা আৰু ভাৰতীয় সেনাৰ মাজত সংঘটিত হোৱা সংঘাতৰ পিছতে ক্ৰমাৎ বৃদ্ধি পাইছে উত্তেজনা।
এই সংঘাতৰ পিছতে ভাৰতীয় বায়ু সেনাই অৰুণাচল সীমান্তত বিমান টহল আৰম্ভ কৰিছে। টাৱাঙৰ আকাশত বৃদ্ধি পাইছে যুদ্ধ বিমানৰ চলাচল।
শেহতীয়াকৈ প্ৰকাশিত খবৰ অনুসৰি আগ্ৰাসী চীনে ৯ ডিচেম্বৰত ভাৰতীয় সেনাৰে সংঘাতত লিপ্ত হোৱাৰ পূৰ্বেও তিনি বাৰকৈ চীনা ড্ৰোণ ভাৰতলৈ প্ৰেৰণ কৰাৰ চেষ্টা কৰিছিল। এনে ঘটনাৰ প্ৰতি লক্ষ্য কৰিয়েই ভাৰতীয় বায়ু সেনাই অৰুণাচল সীমান্ততত যুঁজাৰু বিমান অধিক মোতায়েন কৰিছে।