17/12/2022 16:25:38 PM Moutushi 26
স্টাফ রিপোর্টাৰ এ.এন.এম নিউজঃ
পূৰ্বৰ সকলো অভিলেখ ভংগ কৰি অসমৰ মনোহাৰী গল্ড টি প্ৰতি কিলোগ্ৰাম বিক্ৰী হ'ল ১ লাখ ১৫ হাজাৰ টকাত। হায়দৰাবাদৰ ক্লায়েণ্ট কেফে নিলোফাৰ টি ইনটেকৰ নিলাম প'ৰ্টেলৰ জৰিয়তে হোৱা নিলামত এই মূল্য লাভ কৰিছে ডিব্ৰুগড়ৰ মনোহাৰী গ'ল্ড টিয়ে।
গুৱাহাটী চাহ নিলাম কেন্দ্ৰত ২০১৮ ৰ পৰা ২০২১ লৈ চাৰি বছৰে ধাৰাবাহিক ভাৱে মনোহাৰী গ'ল্ড টি ১ লাখ টকাত বিক্ৰী হৈছিল। উল্লেখ্য যে, গুৱাহাটী চাহ নিলাম কেন্দ্ৰত ভাৰতীয় টি ব'ৰ্ডৰ কেপ ৫০ টকাত সীমাবদ্ধ হোৱাৰ বাবেই সৰ্বোচ্চ ১ লাখ টকাত বিক্ৰী কৰিবলগীয়া হৈছিল মনোহাৰী গ'ল্ড টি।