দেশবিহীন খেলুৱৈৰ দল : টীম ৰিফিউজী


20/12/2022 15:51:38 PM   Moutushi         934







স্টাফ রিপোর্টাৰ এ.এন.এম নিউজঃ
প্ৰাচীন গ্ৰীচৰ অলিম্পিয়াত অনুষ্ঠিত হোৱা ক্ৰীড়া সমাৰোহেই বিভিন্ন উত্থান পতনৰ মাজেৰে আহি হৈছিল অলিম্পিক । এই অলিম্পিকত নিজ দেশক নেতৃত্ব দি দেশৰ পতাকা সমগ্ৰ বিশ্বৰ সন্মুখত দাঙি ধৰাৰ গৌৰৱ অনুধাৱন কৰিব পাৰে কেৱল খেলুৱৈ কেইজনেহে । গৌৰাৱান্ৱিত হয় সমগ্ৰ দেশবাসী কিন্তু সংগ্ৰামত অৱতীৰ্ণ হয় খেলুৱৈ কেইজন । কিন্তু অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰিও নিজ দেশৰ পতাকা দাঙি ধৰিব নোৱাৰাৰ দৰে দুৰ্ভগীয়াও আছে এই বিশ্বতেই । প্ৰতিযোগিতাত স্থান লাভ কৰিও নিজা দেশবাসীৰ পৰা লাভ নকৰে কোনো প্ৰশংসামূলক অথবা শুভেচ্ছা বাণী । কিয়নো এই দলটিয়ে ত্যাগ কৰিছে নিজৰ দেশ । এই দল শৰণাৰ্থী সকলৰ দল । এওলোকৰ নাই নাগৰিকত্ব, নাই উৰুৱাবলৈ পতাকা, নাই স্থায়ী ঠিকনা ।




অধিক বাতৰি:
For more details visit anmnewsassam.com
Follow us at https://www.facebook.com/newsanm  




TAGS :