21/12/2022 16:31:36 PM Moutushi 7157
স্টাফ রিপোর্টাৰ এ.এন.এম নিউজঃ
ৰাজ্যিক পৰ্যায়ৰ ৩০ তম ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহ তথা ৰাজ্যিক বিজ্ঞান মেলা পাঁচদিনীয়া বৰ্ণাধ্য কাৰ্যসূচীৰে শোণিতপুৰ জিলাৰ পৰ্যটন নগৰী তেজপুৰত অৱস্থিত তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ১৬ ডিচেম্বৰৰ পৰা ১৯ ডিচেম্বৰ, ২০২২ লৈ অনুষ্ঠিত হৈ যায়। এই সমাৰোহত অসমৰ বিভিন্ন জিলাৰ পৰা অহা শিশু সকলে মুঠ ২৭১ টা বিজ্ঞান প্ৰকল্প উপস্থাপন কৰে। ইয়াতে দৰং জিলাৰ পৰা নিৰ্বাচিত হৈ অহা ৭ জন শিশু বিজ্ঞানীয়ে নিজৰ নিজৰ প্ৰকল্প সমূহ উপস্থাপন কৰে।