22/12/2022 14:51:49 PM Moutushi 882
স্টাফ রিপোর্টাৰ এ.এন.এম নিউজঃ
অসম ভলীবল সন্থাৰ উদ্যোগত আৰু বোকাজান ক্ৰীড়া সন্থাৰ সহযোগত ২৬ ডিচেম্বৰৰ পৰা ২৮ ডিচেম্বৰলৈকে ৩৪ সংখ্যক আন্তজিলা ছাব জুনিয়ৰ ভলীবল প্ৰতিযোগিতা খনি অনুষ্ঠিত হ'ব ৷ ইতিমধ্যে বোকাজান ক্ৰীড়া সন্থাৰ খেলপথাৰত পাঁচখনকৈ কৰ্ট সাজু কৰি তোলাৰ লগতে আনুষংগিক অন্যান্য প্ৰস্তুতিও সম্পূৰ্ণ কৰি তোলা হৈছে ৷ অসম ভলীবল সন্থাই জনোৱা মতে সন্থাৰ পঞ্জীয়নভূক্ত প্ৰায় ৬০ টা লৰা আৰু ছোৱালীৰ দলে এই প্ৰতিযোগিতাত অংশগ্ৰণ কৰাৰ লগতে ৭০০ খেলুৱৈৰ সমাগম হ'ব প্ৰতিযোগিতাখনিত ৷