24/12/2022 14:15:14 PM Moutushi 6584
স্টাফ রিপোর্টাৰ এ.এন.এম নিউজঃ
অসমত ভাৰত জোড়ো যাত্ৰাৰ সফল সামৰণিৰ বাবে কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বই ভূয়সী প্ৰশংসা কৰিছে অসম প্ৰদেশৰ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাক। দিল্লীত অনুষ্ঠিত হোৱা এক বৈঠকত নিখিল ভাৰতীয় কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেয়ে প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বক প্ৰশংসা কৰিছে।
দিল্লীত অনুষ্ঠিত হোৱা এই বৈঠকত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা উপস্থিত থকাৰ উপৰিও নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সম্পাদকখল, তিনিখন ৰাজ্যৰ মুখ্যমন্ত্ৰী, ৰাজ্যিক সভাপতি আৰু বিৰোধী দলপতিসকল উপস্থিত আছিল।
এই বৈঠকত মল্লিকাৰ্জুন খাৰ্গেয়ে কয় যে, ৰাহুল গান্ধীয়ে কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈ চলাই থকা ‘ভাৰত জোড়ো যাত্ৰা’ৰ যাত্ৰাপথটোৰ বাহিৰে দেশৰ ভিতৰত কেৱল অসমেই একমাত্ৰ ৰাজ্য, যি ৪৫দিন ধৰি পদযাত্ৰা কৰি ৮৩৫ কিলোমিটাৰ পথ অতিক্ৰম কৰিলে।