27/12/2022 15:12:52 PM Moutushi 766
স্টাফ রিপোর্টাৰ এ.এন.এম নিউজঃ
ষষ্ঠ এলীট মহিলা ৰাষ্ট্ৰীয় বক্সিং চেম্পিয়নশ্বিপত অসমৰ লাভলীনা বৰগোঁহাইৰ সফলতা। প্ৰতিযোগিতাখনত লাভলীনাই স্বৰ্ণ পদক লাভ কৰি পুনৰ ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিছে।
লাভলীনাৰ উপৰিও প্ৰতিভাৱান বক্সাৰ অংকুশিতা বড়োৱেও প্ৰতিযোগিতাখনত লাভ কৰে ৰূপৰ পদক । মধ্যপ্ৰদেশৰ ভূপালত যোৱা ১৯ ডিচেম্বৰৰ পৰা আৰম্ভ হোৱা প্ৰতিযোগিতাখন ২৬ ডিচেম্বৰ, সোমবাৰে সামৰণি পৰে ।
প্ৰতিযোগিতাত ৭০ ৰ পৰা ৭৫ কেজি ওজন শাখাৰ মিডল ৱেইটৰ ফাইনেলত লাভলীনাই এছ এছ চি বিৰ অৰুদতি চৌধুৰীক পৰাস্ত কৰি সোণৰ পদক অৰ্জন কৰে ।