27/12/2022 15:14:35 PM Moutushi 760
স্টাফ রিপোর্টাৰ এ.এন.এম নিউজঃ
ত্ৰিপুৰাৰ জীয়ৰী তথা অলিম্পিয়ান দীপা কৰ্মকাৰৰ বিৰুদ্ধে গ্ৰহণ কৰা হৈছে কঠোৰ সিদ্ধান্ত। জিমানাষ্টগৰাকীৰ বিৰুদ্ধে জাৰি কৰা হৈছে ২ বছৰীয়া নিষেধাজ্ঞা।
ৰিঅ’ অলিম্পিক চতুৰ্থস্থান দখলেৰে দেশৰ অন্যতম শ্ৰেষ্ঠ জিমনাষ্ট হিচাপে পৰিচিত হৈ পৰা জিমনাষ্টগৰাকীয়ে ড'প পৰীক্ষাৰ বাবে অগ্ৰাহ্য কৰাৰ বাবেই তেওঁৰ বিৰুদ্ধে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।
উল্লেখ্য যে, ড'পিং বিধি উলংঘন কৰাৰ বাবে ২ বছৰ বাবে নিষেধাজ্ঞা সম্পৰ্কত এই পৰ্যন্ত কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই জিমানাষ্টিক ফেডাৰেচনে। এই সন্দৰ্ভত ফেডাৰচনে কেৱল জনাইছে যে, ২০২১ চনৰ দ্বিতীয়াৰ্ধৰ পৰা দুবছৰৰ বাবে নিৰ্বাসিত কৰা হৈছে দীপাক।