ডিজিটেল চিত্ৰাংকনত ৰাষ্ট্ৰীয় পৰ্যায়ত সুনাম কঢ়িওৱা ছাত্ৰ-ছাত্ৰীক পদক প্ৰদান


28/12/2022 20:41:11 PM   Moutushi         5753







স্টাফ রিপোর্টাৰ এ.এন.এম নিউজঃ
বেংগালুৰুৰ ললিথা কলা চেন্টাৰে ৰাষ্ট্ৰীয় পৰ্যায়ত আয়োজন কৰা চিত্ৰাংকন প্ৰতিযোগিতাত নগাঁৱৰ প্ৰদীপ আৰ্ট এণ্ড ক্ৰাফ্টৰ ছাত্ৰ-ছাত্ৰীসকলে সু-নাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে ৷ দেশৰ ২ লাখ ৭০ হাজাৰ ছাত্ৰ-ছাত্ৰীয়ে অংশ লোৱা প্ৰতিযোগিতাখনিত বিভিন্ন শাখাত ১৪ জনকৈ ছাত্ৰ-ছাত্ৰীয়ে প্ৰথম পুৰস্কাৰ লাভ কৰি সোণৰ পদক লাভ কৰি জিলাখনৰ লগতে ৰাজ্যলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হয় ৷ বিদ্যালয়খনে সৰ্বমুঠ ৩৩ টাকৈ পদক লাভ কৰিছে ৷

উল্লেখ্য যে, সাময়িক সময়ত বেংগালুৰুৰ স্হানীয় প্ৰশাসনে বঁটা প্ৰদানৰ বৃহৎ কাৰ্যসূচীৰ বাবে অনুমতি প্ৰদান নকৰাৰ বাবে ললিথা কলা কেন্দ্ৰই বিজয়ি প্ৰতিযোগিৰ পদকসমূহ প্ৰদীপ আৰ্ট এণ্ড ক্ৰাফ্টলৈ প্ৰেৰণ কৰে ৷ বুধবাৰে নগাঁৱৰ আমোলাপট্টিস্হিত চিত্ৰাংকন বিদ্যালয়খনিত বিজয়ি ছাত্ৰ-ছাত্ৰীসকলৰ মাজত পদকসমূহ প্ৰদান কৰা হয় ৷




অধিক বাতৰি:
For more details visit anmnewsassam.com
Follow us at https://www.facebook.com/newsanm  




TAGS :