লক্ষ্য ২০৩৬ৰ অলিম্পিক


29/12/2022 17:20:15 PM   Moutushi         715







স্টাফ রিপোর্টাৰ এ.এন.এম নিউজঃ
ব্লুপ্ৰিন্ট সাজু, লক্ষ্য অলিম্পিক । কিন্তু এইবাৰ কেৱল খেলিবলৈ নহয় বৰং আয়োজন কৰিবলৈ । বুধবাৰে এই ঘোষণা কৰে কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰী অনুৰাগ ঠাকুৰে । ২০৩৬ বৰ্ষৰ অলিম্পিক আয়োজনৰ বাবে আন্ত:ৰাষ্ট্ৰীয় অলিম্পিক কমিটীক প্ৰস্তাৱনা আগবঢ়াইছে ভাৰতে । এতিয়া কেৱল অপেক্ষা ২০২৩ বৰ্ষৰ ছেপ্টেম্বৰ মাহলৈ । আগন্তুক বৰ্ষৰ ছেপ্টেম্বৰ মাহত মুম্বাইত অনুষ্ঠিত কৰা হ'ব আন্ত:ৰাষ্ট্ৰীয় অলিম্পিক কমিটীৰ বৈঠক । তাতেই নিজৰ পৰিকল্পনা দাঙি ধৰিব ভাৰতীয় অলিম্পিক সংস্থাই । এই সন্দৰ্ভত, কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰী গৰাকীয়ে কয় যে, যদি ভাৰতে জি-২০ সন্মিলনত সভাপতিত্ব কৰিব পাৰে তেন্তে ভৱিষ্যতলৈ অলিম্পিকো আয়োজন কৰিব পাৰিব ।




অধিক বাতৰি:
For more details visit anmnewsassam.com
Follow us at https://www.facebook.com/newsanm  




TAGS :