সৰুপথাৰত বৰপথাৰ সৰুপথাৰ সংযোগী দুইলেন যুক্ত পথৰ শুভাৰম্ভণী অনুষ্ঠান


29/12/2022 17:32:50 PM   Moutushi         718







স্টাফ রিপোর্টাৰ এ.এন.এম নিউজঃ
বৃহস্পতিবাৰে মুখ্য মন্ত্ৰী উন্নত পকী পথ নিৰ্মান আঁচনিৰ অধীনত বৰপথাৰ পৰা সৰুপথাৰ সংযোগী পথৰ পুনৰ নিৰ্মান প্ৰকল্পৰ শুভ উদ্বোধন কৰে সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনে ৷

সৰুপথাৰস্থিত গোলাঘাট দক্ষিণ উন্নয়ন খণ্ড কায্যলয়ৰ সন্মুখত সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনে ধনশিৰি মহকুমাৰ মহকুমাধিপতি দিনচেংফা বৰুৱা, ধনশিৰি মহকুমাৰ মহকুমা আৰক্ষী বিষয়া ত্ৰিনয়ন ভুঞা, লোক নিৰ্মান বিভাগৰ সৰুপথাৰ উপ সংমণ্ডলৰ কাৰ্যবাহী বিষয়া ছাজিদুৰ ৰহমান, গোলাঘাট দক্ষিণ উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া তামাচা দাস, ধনশিৰি মহকুমাৰ নিৰ্বাচনী বিষয়া কৃষাণ জ্যোতি ডেকাৰ উপস্থিতিত প্ৰায় ১১ কোটি টকাৰে সাত মিটাৰ বহলকৈ পুনৰ নিৰ্মান হ'ব লগীয়া সৰুপথাৰ বৰপথাৰ সংযোগী পথটোৰ নিৰ্মানৰ শুভাৰম্ভণী কৰে ৷




অধিক বাতৰি:
For more details visit anmnewsassam.com
Follow us at https://www.facebook.com/newsanm  




TAGS :