30/12/2022 16:09:29 PM Moutushi 696
স্টাফ রিপোর্টাৰ এ.এন.এম নিউজঃ
কোকৰাঝাৰ চহৰৰ সমীপৱৰ্তী মোকৰাপাৰাৰ টুনুপাৰাত বৃহস্পতবাৰে ভূমি বিবাদক কেন্দ্ৰ কৰি দুটা পৰিয়ালৰ মাজত সংঘৰ্ষৰ সূত্ৰপাত হয়। সংঘটিত হোৱা সংঘৰ্ষৰ ফলত এজন কিশোৰ নিহত হোৱাকে ধৰি আন চাৰিজন লোক আহত হয় ৷ নিহত কিশোৰজনক স্বজীৱ শ্বেখ বুলি চিনাক্ত কৰা হৈছে ।
প্ৰাপ্ত খবৰ মতে টুনুপাৰা গাওঁৰ মকবুল পাৰমানিকে বহু বছৰ আগতে ৰেজাকুল মণ্ডলৰ পৰা এক কঠা মাটি ক্ৰয় কৰি ঘৰ বান্ধি আছিল ৷ কিন্তু মাটিখিনিৰ নামজাৰী হোৱা নাছিল ৷ কিছুদিনৰ পৰা ৰেজাকুলে মকবুলৰ পৰা মাটিখিনি ঘূৰাই বিচাৰিছল আৰু তাৰ বিনিময়ত কিনাৰ টকা ঘুৰাই দিব বিচাৰিছিল ।