30/12/2022 16:13:08 PM Moutushi 696
স্টাফ রিপোর্টাৰ এ.এন.এম নিউজঃ
যুৱ সাংবাদিক সন্থা,অসম আৰু লাহোৱাল মহাবিদ্যালয়ৰ যৌথ উদ্যোগত লাহোৱাল মহাবিদ্যালয়ৰ ৰূপালী জয়ন্তী বৰ্ষৰ লগত সংগতি ৰাখি ১৯ডিচেম্বৰৰ পৰা অনুষ্ঠিত হোৱা সাংবাদিকতাৰ কৰ্মশালা খনিৰ বৃহস্পতিবাৰে সফল সামৰণি পৰে ৷
সামৰণি অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে জ্যোষ্ঠ সাংবাদিক তথা বৰ্তমান ৰাজ্যিক তথ্য আয়ুক্ত সমুদ্ৰ গুপ্ত কাশ্যপ , জ্যোষ্ঠ প্ৰবন্ধক,জনপৰিক্ৰমা বিভাগ ,অইল ইণ্ডিয়া লিমিটেডৰ জয়ন্ত বৰমুদৈ,জ্যেষ্ঠ সাংবাদিক ইকবাল আহমেদ,মহাবিদ্যালয়ৰ অধ্যক্ষ ড° জ্যোতিপ্ৰসাদ দত্ত ,প্ৰতিদিন টাইম চেনেলৰ উত্তৰ অসম ব্যুৰ বুবুল হাজৰিকা আদিকে ধৰি ভালেসংখ্যক ব্যক্তি উপস্থিত থাকে ৷