30/12/2022 16:15:16 PM Moutushi 699
স্টাফ রিপোর্টাৰ এ.এন.এম নিউজঃ
ধুবুৰী জিলাৰ ফকিৰগঞ্জ থানাৰ অন্তৰ্গত মেদৰটাৰী ফুলপুৰ গাঁৱত বৃহস্পতিবাৰে নিশা বাল্য বিবাহ চলি থকাৰ খবৰ পাই ফকিৰগঞ্জ থানাৰ আৰক্ষীয়ে অভিযান চলায়। গাঁও খনৰ মোন্তাজ আলীৰ ঘৰত নিজৰ ১৪ বছৰীয়া নাবালিকা ভাতিজিক বিয়া দিয়া অৱস্থাত আৰক্ষীয়ে মোন্তাজ আলী সহ দুজনক আটক কৰি নাবালিকা কিশোৰী জনীক উদ্ধাৰ কৰে।
আৰক্ষীয়ে ২০৬/২২নম্বৰত নিজাববীয়াকৈ গোচৰ ৰুজু কৰি মোন্তাজ আলী আৰু তেওঁৰ পত্নী সাজিদা বিবিক গ্ৰেপ্তাৰ কৰি শুকুৰবাৰে ধুবুৰী জেললৈ প্ৰেৰণ কৰে। বাল্য বিবাহৰ বিৰুদ্ধে জিলা প্ৰশাসনে কঠোৰ পদক্ষেপ গ্ৰহণ কৰাৰ পাছতো এতিয়াও ভিতৰুৱা অঞ্চলত গোপনে বাল্য বিবাহ চলি থকা পৰিলক্ষিত হৈছে।