30/12/2022 16:18:40 PM Moutushi 696
স্টাফ রিপোর্টাৰ এ.এন.এম নিউজঃ
ধাৰত পোত যোৱা অসম চৰকাৰে যি সময়ত নিয়মীয়া দৰমহাৰ বোজা পাতলাবলৈ হাজাৰ হাজাৰ পোষ্ট ড্ৰপ কৰিছে সেই সময়তে পোহৰলৈ আহিছে দৰমহা বিহীন ঠিকাদাৰী নিযুক্তি প্ৰাপ্ত কেইগৰাকীমান বিষয়াই লাভ কৰা বহু লাখ টকীয়া বানচৰ খবৰ।
এই অবিশ্বাস্য ঘটনা সংঘটিত হৈছে ৰাজ্যৰ বন বিভাগত। পাঞ্জাবাৰীস্থিত প্ৰধান মুখ্য বন সংকক্ষকৰ কাৰ্যালয়টো এতিয়া যেন বন অথবা বন্যপ্ৰাণী সুৰক্ষাৰ বাবে ব্যস্ত নহয়।ইয়াত কৰ্ম শীৰ্ষ পদাধিকাৰী সকল ব্যস্ত কোটি কোটি টকাৰ বিদেশী পূঁজিৰে বিভিন্ন প্ৰকল্প ৰূপায়নৰ নামত লুটপাতৰ অভিযানতহে।
বহুতে এই কথা নাজানে যে বন বিভাগত কেম্পা ফান, বেম্বো মিছন আদিৰ হাজাৰ কোটি টকীয়া লুটপাতৰ বিচাৰ নোহোৱাকৈয়ে সকলো অভিযুক্ত সাৰি যোৱাৰ পাছত শেহতীয়াকৈ লুটপাত চলিছে ফ্ৰান্সৰ পূঁজিৰে পৰিচালিত আসাম প্ৰজেক্ট ফৰেষ্ট এণ্ড বায়ডাইভাৰচিটি কনজাৰভেশ্বন চচাইটি চমুকৈ এপিএফবিচিএছ।