30/12/2022 17:59:19 PM Moutushi 697
স্টাফ রিপোর্টাৰ এ.এন.এম নিউজঃ
যমুনামুখৰ পটিয়াপামৰ গেজিং ৰিজাৰ্ভৰ হস্তী কৰিডৰত অমৃত সৰোবৰৰ বৃহৎ পুখুৰী নিৰ্মাণ কাৰ্য চলোৱা হৈছে। ইয়াক কেন্দ্ৰ কৰি এলেকাটোৰ সচেতন ৰাইজৰ মাজত হুৱাদুৱা লাগিছে ।
একাংশ অসাধু ৰাজনৈতিক নেতাই নিজৰ ৰাজনৈতিক শক্তিৰ বলত অমৃত সৰোবৰ আঁচনিৰ পাঁচটাকৈ বৃহৎ পুখুৰী (এটা পুখুৰী৪০ বিঘা মাটি ) নিৰ্মাণ কৰিবলৈ বিচাৰিছে । গাঁৱৰ ৰাইজে এই বিষয়টো পূৰ্বৰপৰাই বিৰোধিতা কৰি আহিছে যদিও ক্ষমতা আৰু টকাৰ বলত লগতে চৰকাৰী আঁচনি সমূহৰ পৰা বঞ্চিত কৰিব বুলি ভাবুকি প্ৰদান কৰি অসাধু নেতাসকলে গাওঁবাসীৰ মুখ বন্ধ কৰিছে ।
জিলাখনৰ উপায়ুক্ত,বনবিষয়া , খণ্ড উন্নয়ন বিষয়া , চক্ৰবিষয়া , আৰক্ষী বিষয়া সকলোৱে বিষয়টোৰ সন্দৰ্ভত ক্ষমতাৰ ওচৰত আত্মসমৰ্পণ কৰি সচেতন ৰাইজৰ পৰা পলাই ফুৰিছে ।