30/12/2022 18:03:33 PM Moutushi 5409
স্টাফ রিপোর্টাৰ এ.এন.এম নিউজঃ
ৰাজ্যত প্ৰতিদিনে বৃদ্ধি হোৱা অপৰাধ মূলক ঘটনাৰ মাজতে পুনৰ এক হত্যাকাণ্ডৰ খবৰ পোহৰলৈ আহিছে। এইবাৰ উবেৰৰ চালকৰ বাবে পোহৰলৈ আহিল হত্যাকাণ্ডৰ কথা।
বৃহস্পতিবাৰে উবেৰ ভাড়া কৰি কমলপুৰলৈ দিগীত এজনে লৈ গৈছিল মৃতদেহ। ভাড়া কৰি লৈ যোৱা লোক জনে বস্তাত ভৰাই লৈ যোৱা মৃতদেহ পেলাই দিছিল কমলপুৰত।
কিন্তু এই সমগ্ৰ ঘটনাক্ৰম সন্দৰ্ভত উবেৰ চালক জনৰ সন্দেহ হয়। তাৰ পাছতেই পোহৰলৈ আহে এই সমগ্ৰ ঘটনা। অভিযোগ অনুসৰি চালক জনকো হত্যা কৰাৰ ভাবুকি প্ৰদান কৰিছিলোক জনে।
বৰ্তমানলৈকে মৃতদেহটোৰ পৰিচয় ওলোৱা নাই। লগতে ক'ত,কেনেকৈ এই হত্যাকাণ্ড সংঘটিত হল সেয়া আৰক্ষীৰ তদন্তৰ পাছতহে পোহৰলৈ আহিব।