31/12/2022 14:53:38 PM Moutushi 676
স্টাফ রিপোর্টাৰ এ.এন.এম নিউজঃ
সমাজ জীৱনত জড়িত হৈ থাকে ব্যক্তি বিশেষৰ পৰা আৰম্ভ কৰি ব্যক্তিৰ লগত জড়িত সকলো অনুষ্ঠান। এই অনুষ্ঠানৰ ভিতৰত নামঘৰো অন্যতম। এখন সুস্থ সমাজ গঢ়াত নামঘৰৰ ভূমিকা অন্যতম।
নৱবৈষ্ণৱ ধৰ্মলৈ জাগৰণ অনা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে প্ৰতিষ্ঠা কৰা সত্ৰ আৰু নামঘৰৰ এক সুকীয়া বৈশিষ্ট আছে। ই অসমীয়া জন জীৱনৰ সাংস্কৃতিক সম্পদ। নামঘৰত কেৱল ধৰ্মীয় অনুষ্ঠানেই নহয়, সামাজিক, বৌদ্ধিক, সকলো দিশৰে উত্তৰণ ঘটাই আধ্যাত্মিক চিন্তা চৰ্চাৰ পাঠ শিকোৱা হয়।