31/12/2022 15:09:15 PM Moutushi 672
স্টাফ রিপোর্টাৰ এ.এন.এম নিউজঃ
কংগ্ৰেছ চৰকাৰৰ দিনত হোৱা শিক্ষক নিযুক্তিৰ কেলেংকাৰীৰ ক'লা দাগৰ পৰা অসমৰ ৰাইজ আজিও মুক্ত হ'ব পৰা নাই, যাৰ ফলত অসমৰ শিক্ষা ব্যৱস্থাটোৱেই দেশৰ ভিতৰত পয়ালগা আৰু দুৰ্নীতিগ্ৰস্ত।'- এই মন্তব্য প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়াৰ ৷
বৰদলনিত যোৱা ২৮ ডিচেম্বৰ পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত হোৱা বৰদলনি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মহাৰজত জয়ন্তীৰ সামৰণি অনুষ্ঠানৰ মুকলি সভাত শুকুৰবাৰে নিৰ্দিষ্ট বক্তা হিচাপে অংশগ্ৰহণ কৰি শইকীয়াই কয় যে, ৫/৬ বাৰ মেট্ৰিক পৰীক্ষা দি ফেইল কৰি শেষত কম্পাৰমেন্টল পৰীক্ষাৰে উত্তীৰ্ণ হোৱা লোক যেতিয়া শিক্ষক হয় তেতিয়া চৰকাৰী খণ্ডৰ শিক্ষানুষ্ঠানৰ ভৱিষ্যত অন্ধকাৰ হোৱাতো নিশ্চিত ৷