31/12/2022 15:12:33 PM Moutushi 675
স্টাফ রিপোর্টাৰ এ.এন.এম নিউজঃ
ৰাজ্যত সমষ্টি পুনৰ নিৰ্ধাৰণক লৈ বিভিন্ন বাদানুবাদ অব্যাহত থকাৰ সময়তে এইবাৰ নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ এবছুৱে আনুষ্ঠানিকভাৱে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। জনজাতিৰ বাবে সংৰক্ষিত আসন বিলোপ কৰা কাৰ্য কোনো কাৰণতে সহ্য কৰা নহ'ব আৰু প্ৰয়োজনবশত: গণতান্ত্ৰিকভাৱে তীব্ৰ আন্দোলনৰ লগতে ন্যায়ালয়ৰ দ্বাৰস্থ হ'ব বুলি এবছুৱে হুংকাৰ প্ৰদান কৰিছে ।