31/12/2022 15:14:26 PM Moutushi 678
স্টাফ রিপোর্টাৰ এ.এন.এম নিউজঃ
গুৱাহাটী বিশ্ববিদ্যালয়ৰ জ্যেষ্ঠ অধ্যাপক তথা বিশিষ্ট গৱেষক, ভাষাবিদ ড০ উপেন ৰাভা হাকাচামৰ 'সমকালীন অসমীয়া অভিধান অসমীয়া ভাষাৰ অভিনৱ ব্যৱহাৰিক অভিধান' শীৰ্ষ অভিধানখন ৩১ ডিচেম্বৰ শনিবাৰে উন্মোচন কৰা হ'ব। অসমীয়া ভাষাত প্ৰচলিত অভিধানৰ ২০০/২৫০ বছৰীয়া পৰম্পৰা বিপৰীতে সমকালীন বা চলিতঅসমীয়া নৱপ্ৰজন্মৰ মুখৰ ভাষা, বিভিন্ন মিডিয়াৰ ভাষা আৰু তাত প্ৰয়োগ হোৱা শব্দাৱললী সামৰি এই অভিধান প্ৰস্তুত কৰা হৈছে।
প্ৰয়োজন সাপেক্ষে সমাৰ্থক, বিপৰীতাৰ্থক, কৃদন্ত তথা ৰূপতাত্ত্বিক দিশো ইয়াত আলোচনা কৰা হৈছে। লগতে অৰ্থ স্পষ্টকৰণৰ বাবে খণ্ডবাক্যও উদাহৰণ হিচাপে তুলি দিয়া হৈছে।