31/12/2022 15:15:53 PM Moutushi 5246
স্টাফ রিপোর্টাৰ এ.এন.এম নিউজঃ
নগাঁও আৰক্ষীৰ সফলতা ৷ খাৰুৱা তেল চুৰি চক্ৰৰ বৃহৎ দলক গ্ৰেপ্তাৰ ৷
নগাঁৱৰ উৰিয়াগাঁৱৰ তেলচুৰিৰ ঘটনাৰ সৈতে জড়িত দহজনক লোকক গ্ৰেপ্তাৰ কৰিছে নগাঁও আৰক্ষীয়ে । নগাঁও আৰক্ষীৰ অভিযানকাৰী দলে মেঘালয়, বৰপেটা, হোজাই, গুৱাহাটী আৰু নগাঁৱৰ পৰা গ্ৰেপ্তাৰ কৰে এই লোকসকলক।
আটকাধীন লোক কেইজন হৈছে নগাঁৱৰ ভোটাইগাঁৱৰ প্ৰাণজিৎ বৰা, সাগৰ বৰা, উৰিয়াগাঁৱৰ তপন বণিয়া, গোলাঘাটৰ বিটু সিংহা, ইমদাদ আলি, পাৰুল হুছেইন, কলিয়াবৰৰ আছিৰ উদ্দিন হক, মৰিগাঁৱৰ গোপাল দে', গুৱাহাটীৰ নাৰায়ণ সৰকাৰ আৰু হাউলীৰ সুকুৰ আলি ।