31/12/2022 15:17:47 PM Moutushi 5244
স্টাফ রিপোর্টাৰ এ.এন.এম নিউজঃ
চিৰাং জিলাৰ কাজলগাঁৱৰ জে এছ বি অসামৰিক চিকিৎসালয়ত তিনিমাহৰ ভিতৰত ২১ টি কৈ নৱজাতকৰ মৃত্যুৰ বাৱে কোনো চিকিৎসক বা নাৰ্ছ দায়ী নহয় আৰু প্ৰসূতিসকলৰ অভিভাৱক পৰা ধনদাবী ঘটনাত কোনো নাৰ্ছ বা স্বাস্থ্যকৰ্মী জড়িত নহয় বুলি এক প্ৰকাৰ সকলোকে ধোৱা তুলসীৰ পাত সজাই সমগ্ৰ ঘটনাৰ বাবে আশাকৰ্মীসকলেই দোষী বুলি কাজলগাঁৱত মন্তব্য কৰে বি টি চিৰ স্বাস্থ্য বিভাগৰ সঞ্চালক ডাঃ উমেশ ফাংছুই ।
এই মন্তব্য কৰাৰ পিছতেই চিকিৎসালয় চৌহদত উপস্থিত আশাকৰ্মীসকলে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে । একাংশ ক্ষুদ্ধ আশাকৰ্মীয়ে স্বাস্থ্য সঞ্চালকগৰাকীক চিকিৎসালয় চৌহদত আগচি ধৰি এক অনাকাংক্ষিত পৰিৱেশৰ সৃষ্টি কৰে।