শলগুৰি সত্ৰৰ ডেকা সত্ৰাধিকাৰক সামাজিক আৰু সাংস্কৃতিক কাৰ্য্যসূচীলৈ আদৰণি


31/12/2022 15:19:25 PM   Moutushi         673







স্টাফ রিপোর্টাৰ এ.এন.এম নিউজঃ
বটদ্ৰৱা শলগুৰি সত্ৰৰ ডেকা সত্ৰাধিকাৰ ইন্দ্ৰকান্ত মহন্তক শলগুৰি সত্ৰৰ ডেকা সত্ৰীয়া সমাজৰ প্ৰস্তাৱ মৰ্মে আজি ডেকা সত্ৰীয়া আৰু সত্ৰৰ বৈষ্ণৱসকলৰ উপস্থিতিত বটদ্ৰৱা শলগুৰি সত্ৰৰ ৰাইজৰ সামাজিক আৰু সাংস্কৃতিক কাৰ্য্যসূচীলৈ স্বাগতম জনোৱা হয়। উল্লেখ্য যে, বিগত বৰ্ষত এক পাৰিবাৰিক দুৰ্ঘটনাৰ হেতু শলগুৰি সত্ৰৰ সত্ৰাধিকাৰ যোগেন্দ্ৰ নাৰায়ণ দেৱ মহন্তই তেওঁক সত্ৰৰ সকলো কাম কাজৰ লগতে তেওঁৰ ডেকা সত্ৰাধিকাৰ পদতিৰ পৰা অব্যাহতি দিছিল।

পৰবৰ্তী সময়ত আইনে ইন্দ্ৰকান্ত মহন্ত দোষমুক্ত কৰাত ডেকা সত্ৰীয়া আৰু সত্ৰৰ বৈষ্ণৱসকলৰ উপস্থিতিত আজি শুদ্ধিকৰন প্ৰক্ৰিয়া সম্পন্ন কৰি তেখেতক সমাজলৈ আদৰি আনি সামাজিক, সাংস্কৃতিক আৰু ধৰ্মীয় দিশত আগুৱাই নিয়াৰ পৰিকল্পনা কৰে।




অধিক বাতৰি:
For more details visit anmnewsassam.com
Follow us at https://www.facebook.com/newsanm  




TAGS :        young Satradhikar Shalguri Satra social cultural programme