31/12/2022 15:26:20 PM Moutushi 671
স্টাফ রিপোর্টাৰ এ.এন.এম নিউজঃ
ওদালগুৰি ক্ৰিকেট সন্থাৰ উদ্যোগত ওদালগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত চলি থকা পঞ্চম অসম প্ৰীমিয়াৰ ক্লাৱ চেম্পিয়নশ্বিপৰ আজিৰ প্ৰথমখন ছেমিফাইনেল খেলত ওদালগুৰি টাউন স্প'ৰ্টছ্ ক্লাৱে টংলা ক্ৰিকেট ক্লাৱক পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে। টছত জিকি প্ৰথমে বেট ধৰাৰ সিদ্ধান্ত লয় টাউন স্প'ৰ্টছে।
ওদালগুৰি টাউন স্প'টছ ক্লাৱে প্ৰথমে বেটিং কৰি ৩৫.১ অভাৰত আটাইকেইটা উইকেট হেৰুৱাই ১৯৮ ৰাণ সংগ্ৰহ কৰে। টাউন স্প'ৰ্টছৰ প্ৰবাল দাসে ৫২ আৰু বিকাশ শৰ্মাই ৪৮ ৰাণ সংগ্ৰহ কৰাৰ বিপৰীতে টংলাৰ দিব্যজ্যোতি শৰ্মাই ৪ টাকৈ উইকেট দখল কৰে।