বোকাখাতৰ সমীপৰ মেথনি চাহ বাগিছাৰ ৩৭ নং ৰাষ্ট্ৰীয় পথাংশত দেওবাৰে নিশা এক শোকাবহ পথ দুৰ্ঘটনা সংঘৰটিত হয়*.... ৷


14/09/2021 10:26:20 AM   Moutushi         227







*বোকাখাতৰ সমীপৰ মেথনি চাহ বাগিছাৰ ৩৭ নং ৰাষ্ট্ৰীয় পথাংশত দেওবাৰে নিশা এক শোকাবহ পথ দুৰ্ঘটনা সংঘৰটিত হয়*.... ৷



স্টাফ ৰিপোৰ্টাৰ এ এন এম নিউজ :বোকাখাত, মাজ নিশা হোৱা এই পথ দুৰ্ঘটনাত এজন মটৰ চাইকেল আৰোহীৰ ঘটনাস্থলীতে মৃত্যু হয় ৷
ঘটনাৰ বিৱৰণী মতে AS 03 U 2623 নম্বৰৰ পালচাৰ মটৰ চাইকেলেৰে গৈ থকা দুজন আৰোহীয়ে মেথনি চাহ বাগিচাৰ সমীপত বিপৰীত দিশৰ পৰা অহা AS 04 AB 1380 নম্বৰৰ আই ১০ গাড়ীখনৰ সৈতে মুখমুখি সংঘৰ্ষত পৰে ৷ঘটনাত মটৰ চাইকেল আৰোহী ভাৰত ভুষণ ভূঞাৰ ঘটনাস্থলীতে মৃত্যু হোৱাৰ বিপৰীতে সুৰ্য হাজৰিকা নামৰ আৰোহীজন গুৰুতৰভাৱে আহত হয় ৷
আহত সুৰ্য হাজৰিকাক ততাতৈয়াকৈ বোকাখাত অসামৰিক চিকিৎসালয়লৈ নিয়া হয় যদিও চিকিৎসকে তেওঁ যোৰহাট অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷




অধিক বাতৰি:
For more details visit anmnewsassam.com
Follow us at https://www.facebook.com/newsanm  




TAGS :