চাবুৱাত নিশা পৃথক পথ দুৰ্ঘটনাত থিতাতে নিহত ২


14/09/2021 10:34:20 AM   Moutushi         208







চাবুৱাত নিশা পৃথক পথ দুৰ্ঘটনাত থিতাতে নিহত ২


 স্টাফ ৰিপোৰ্টাৰ এ এন এম নিউজ চাবুৱাঃ চাবুৱাত নিশা সংঘটিত দুটা পৃথক পথ দুৰ্ঘটনাত দুজন লোক থিতাতে নিহত হোৱাত অঞ্চল জুৰি শোকৰ ছাঁ পেলাইছে ၊ চাবুৱাস্থিত বায়ু সেনা বাহিনীৰ সমীপত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত নলবাৰীলৈ গৈ থকা ছ জনীয়া যাত্ৰী কঢ়িওৱা এ এছ - ২৩ -ই - ১২১৯ নম্বৰৰ বিলাসী’ গাড়ী খনক কোনো অচিনাক্ত বাহনে খুন্দিয়াই থৈ যোৱাৰ ফলত সাত বছৰীয়া বাবু ৰাজবংশী নামৰ শিশুটি থিতাতে নিহত হয় আৰু আন পাঁচ জন সংকট জনক অৱস্থাত ডিব্ৰুগড়ৰ সঞ্জিৱনী নাৰ্চিং হোমত ভৰ্তি কৰোৱা হয় ၊ আনহাতে, চাবুৱাৰ বাইপাচত এ এছ-২৩- এক্স- ১৩০৩ নম্বৰৰ বাহন এখনে বৰবাৰী গাঁৱৰ পন্দা মাঝি নামৰ ব্যক্তি জনক মহতিয়াই নিয়াৰ ফলত মাঝি থিতাতে নিহত হয় ၊ পথৰ কাষৰ দ’ খাৱৈত পৰা বাহনখন উদ্ধাৰ কৰি আৰক্ষীয়ে আজি পুৱা দুই মৃতকৰ মৰণোত্তৰ পৰীক্ষাৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰে ၊ উল্লেখ্য নলবাৰী জিলাৰ গাজিয়াবাৰীৰ নিবাসী দামোদৰ ৰাজবংশীয়ে পত্নী শ্ৰীমণি ৰাজবংশী, পুত্ৰ বাবু ৰাজবংশী, শহুৰ ৰঞ্জিত গগৈ, শাহু বিনুমণি গগৈ আৰু খুলশালী শ্ৰীমন্ত্ৰ প্ৰতীম গগৈ সহ চাবুৱাৰ বালিজান চাইডিঙৰ পৰা নলবাৰীলৈ বুলি ৰেলত উঠিবলৈ ডিব্ৰুগড় ৰেল ষ্টেচনৰ অভিমুখে গৈ আছিল ၊ নিশা প্ৰায় ১০.৩০ মান বজাত চলন্ত গাড়ীখনত কোনো অচিনাক্ত বাহনে খুন্দিওৱাত থিতাতে নিহত হয় শিশুটি। দামোদৰ ৰাজবংশীয়ে চাকৰিৰ পৰা চুটি লৈ চাবুৱাৰ বালিজান চাইডিঙৰ শহুৰয়েক ৰঞ্জিত গগৈৰ ঘৰলৈ পত্নী আৰু পুত্ৰৰ সৈতে আহিছিল আৰু নিশা ওভতি যোৱাৰ পথতে উক্ত দুখজনক ঘটনাটো সংঘটিত হয় ၊ উল্লেখ্য যে, ঘটনাস্থলী প্ৰত্যক্ষ কৰা অনুসৰি ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে বৃহৎ গাঁত খান্দি ৰখাৰ ফলত দুৰ্ঘটনাটো সংঘটিত হয় বুলি সন্দেহ কৰা হৈছে। চাবুৱাত বিভিন্ন নিৰ্মাণ কাৰ্য চলি থকা ঠাই সমূহত জিলিকি থকা ৰেডিয়ামযুক্ত সংকেত বা উপযুক্ত সাংকেতিক চিহ্ন সংস্থাপন নকৰাত ঠাই সমূহ বিপজ্জনক হৈ পৰিছে বুলি ৰাইজৰ অভিমত, ၊ উল্লিখিত ঠাইত উপযুক্ত সাংকেতিক চিহ্ন নথকাৰ বাবে এই মৰ্মান্তিক পথ দুৰ্ঘটনাটো সংঘটিত হোৱা বুলি সন্দেহ প্ৰকাশ কৰা হৈছে ၊ দুৰ্ঘটনা সংঘটিত কৰি পলায়ন কৰা অচিনাক্ত বাহন খন অতি শ্ৰীঘ্ৰে জব্দ কৰিবলৈ জিলা প্ৰশাসন তথা আৰক্ষী প্ৰশাসনক দাবী জনাইছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ডিব্ৰুগড় জিলা সমিতিয়ে।




অধিক বাতৰি:
For more details visit anmnewsassam.com
Follow us at https://www.facebook.com/newsanm  




TAGS :