বিশ্ব খনিকৰ বিশ্বকৰ্মা পূজা সমাগতঃ ব্যস্ত মৃন্ময় শিল্পী


14/09/2021 10:36:19 AM   Moutushi         226







বিশ্ব খনিকৰ বিশ্বকৰ্মা পূজা সমাগতঃ ব্যস্ত মৃন্ময় শিল্পী



স্টাফ ৰিপোৰ্টাৰ এ এন এম নিউজ নগৰবেৰাঃ ৰাজ্যৰ ক'ভিড পৰিস্থিতি ক্ৰমাৎ উন্নত হোৱাত দিনক দিনে শিথিল কৰা হৈছে ৰাজ্যৰ ক'ভিড বিধি। ক্ৰমান্বয়ে সৰ্বসাধাৰণ লোকৰ মাজত পুনৰ ঘুৰি আহিছে স্বাভাৱিক জীৱন । ক'ভিডকালৰ জটিল পৰিস্থিতিৰ বাবেই ৰাজ্যৰ ধৰ্মীয় উৎসৱ পাৰ্বন সমুহ দীঘলীয়া সময়ৰ বাবে
অনুষ্ঠিত কৰিব পৰা হোৱা নাছিল । কিন্তু সম্প্ৰতি পৰিস্থিতিৰ যথেষ্টখিনি উন্নতি হোৱাৰ লগতে ভেকচিন প্ৰদানৰ কাম দ্ৰুতগতিত চলি থকাত অন্তত এইবাৰ ধৰ্মীয় উৎসৱ পালন কৰাৰ পৰিৱেশ সৃষ্টি হব বুলি বহুতেই আশা প্রকাশ কৰিছে৷ কভিড পৰিস্থিতিৰ উন্নতি হোৱাৰ লগে লগে বিশ্বকৰ্মা পূজাক লৈ ব্যস্ত হৈ পৰিছে মৃন্ময় শিল্পী সকল। দীৰ্ঘদিন পিছত ৰাজ্যত পূজা অনুষ্ঠিত কৰাৰ অনুকুল পৰিৱেশ সৃষ্টি হোৱালৈ চাই কামৰূপ জিলাৰ বকো সমষ্টিৰ মালিবাৰী সত্ৰ গাঁওৰ মৃন্ময় শিল্পী সকলে দিনে নিশাই বিশ্বকৰ্মাৰ প্ৰতিমা বনোৱাত ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে । বিগত প্ৰায় ডেৰটা বছৰে একপ্ৰকাৰ ব্যৱসায় বন্ধ হৈ থকাত মৃন্ময় শিল্পী সকলৰ অৱস্থা পানীত হাঁহ নচৰা অৱস্থা হৈছিল। সম্প্ৰতি ক'ভিড পৰিস্থিতিৰ দ্ৰুত উন্নতিলৈ চাই বকোৰ মালিবাৰী সত্ৰ গাঁওৰ মৃন্ময় শিল্পী সকলে অধিক উৎসাহেৰে বিশ্বকৰ্মাৰ প্ৰতিমা বনোৱাত ব্যস্ত পৰিছে। গুৱাহাটীৰ বজাৰত বিক্ৰী কৰিব লগীয়া বিশ্বকৰ্মাৰ শ শ প্ৰতিমাত এতিয়া শেষ পৰশ দিয়াত ব্যস্ত শিল্পী সকল। দিনে নিশাই শ শ প্ৰতিমা বনোৱা মৃন্ময় শিল্পী সকলেও এইবাৰ পূজা অনুষ্ঠিত হব বুলি দৃঢ় বিশ্বাসী। পূৰ্বৰ বছৰৰ তুলনাত এইবাৰ ব্যৱসায় ভাল হব বুলিও আশা কৰিছে শিল্পী সকলে। এই ক্ষেত্ৰত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক সঠিক সিদ্ধান্ত লবলৈও দাবী জনাইছে মৃন্ময় শিল্পী সকলে।




অধিক বাতৰি:
For more details visit anmnewsassam.com
Follow us at https://www.facebook.com/newsanm  




TAGS :