14/09/2021 16:47:12 PM Moutushi 237
স্টাফ ৰিপোৰ্টাৰ এ এন এম নিউজ আমিনগাওঁঃ বিভাজনৰ ৰাজনীতিৰে জাতীয় সত্বাক ভাগ ভাগ কৰি মুনাফা আদায় বন্ধ কৰা, অসম চুক্তিৰ আত্মা ৫ আৰু ৬ নং দফা কাৰ্য্যকৰী কৰা, জাতিধ্বংসী কা আইন বাতিল কৰা আদি দাৱীৰ সমৰ্থনত পুণৰ প্ৰতিবাদত নামিল অসম জাতীয় পৰিষদ । কামৰূপ উপায়ুক্ত কাৰ্যালয়ৰ সমুখত আজি কামৰূপ জিলাৰ শতাধিক জাতীয় পৰিষদৰ কৰ্মকতাাই প্ৰতিবাদী কাৰ্যসূচীীত অংশগ্রহণ কৰে৷ প্ৰতিবাদকাাাৰী সকলে হাতে হাতে প্লে কাৰ্ডলৈ চৰকাৰ বিৰোধী ধ্বনিৰে প্ৰতিবাদস্থলী উত্তাল কৰি তোলে। 'জাতীয় গৰ্জন' শীর্ষক এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে তেওঁলোকে অতি শীঘ্ৰে কা বাতিল কৰাাৰদাবী জনায়। ।